Thursday, May 24, 2018

অসমৰ জাতিৰ বিৰুদ্ধে যোৱা নাগৰিকত্ব আইনৰ বিৰুদ্ধে যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী সমদল

অসমৰ জাতিৰ বিৰুদ্ধে যোৱা নাগৰিকত্ব আইনৰ বিৰুদ্ধে

যোৰহাটত কংগ্ৰেছৰ প্ৰতিবাদী সমদল

  • গণ স্বাক্ষৰ সহ স্মাৰক পত্ৰ প্ৰেৰণ
অসম খবৰ@নেকিব আহমেদ, যোৰহাট,২৪ মে:- অসমত হিন্দু বাংলাদেশী আনি অসমীয়া জাতি ৰক্ষা কৰিবলৈ লোৱা এই বিতৰ্কিত বিধেয়কখনৰ বিৰুদ্ধে আজি যোৰহাটত প্ৰায় পাঁচ সহস্ৰাধিক কংগ্ৰেছ সদস্যই প্ৰতিবাদ কৰি বিগত দিন কেইটাত ৰাইজৰ গণ স্বাক্ষৰ সহ এখন স্মাৰক পত্ৰ জিলা উপায়ুক্তৰ যোগেদি যুটীয়া সংসদীয় সমিতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । ইয়াৰ পূৰ্বে জিলা পুথিভঁৰালত কংগ্ৰেছৰ এখন সভাও অনুষ্ঠিত হয় ।সেই সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন বিধায়ক ৰানা গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মী আদি কংগ্ৰেছৰ নেতাই বিজেপিক খুৰৰ্ধাৰ সমালোচনা কৰি বক্তব্য আগবঢ়ায় । প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কয় যে অসমক বিসৰ্জন দিবলৈ ওলোৱা এনে মুখ্যমন্ত্ৰী আজিলৈকে জন্ম হোৱা নাই ।
অসমৰ স্বাৰ্থত কংগ্ৰেছ দলে কেতিয়াও পিঠি দিয়া নাছিল । বিগত অসম আন্দোলনকে আদি কৰি যিমান আন্দোলন হৈছিল সেই সময়ত কেন্দ্ৰত ৰাজ্যত কংগ্ৰেছৰ চৰকাৰেই আছিল । কিন্তু কংগ্ৰেছ চৰকাৰে আলোচনা কৰি প্ৰায় দাবী মানি লৈছিল । কিন্ত এই বিজেপি চৰকাৰে এতিয়া গাদী পোৱাৰ পাছত কাৰোৰে কথা নুশুনা হল । সৰ্বানন্দ মোডীৰ মোহত পৰি ক'ব নোৱাৰা হৈ গল ।যি এসময়ত অগপৰ বিধায়ক , ছাত্ৰ নেতা আছিল কিন্তু এতিয়া সকলো বিসৰ্জন দি অসমক শেষ কৰিবলৈ লাগিছে । আহিবলগীয়া নিৰ্বাচনত অসমৰ ৰাইজে উত্তৰ দিব বুলি উল্লেখ কৰে ।
উল্লেখ্য যে আজি যোৰহাট কংগ্ৰেছৰ উদ্যোগত নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছে গণ প্ৰতিবাদ কৰাৰ লগতে যোৰহাট জিলা পুথিভঁৰালৰ পৰা এক বিশাল সমদল উলিয়াই নগৰৰ গঁড় আলি হৈ কে বি ৰোডৰ হৈ জিলা উপায়ুক্ত কার্যলয়ৰ সন্মুখত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব আইন সংশোধনীৰ জৰিয়তে অসমত হিন্দু বাংলাদেশী সংস্থাপিত কৰাৰ যি গভীৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে চৰকাৰৰ এনে ষড়যন্ত্ৰ ওফৰাবলৈ কংগ্ৰেছৰ সহস্ৰাধিক শতাধিক নেতা কৰ্মীয়ে একত্ৰিত হৈ এক বিশাল সমদল উলিয়াই



হাতে হাতে প্লে কাৰ্ড, ফেষ্টুন, বেনাৰ আদি লৈ কংগ্ৰেছ আই জিন্দাবাদ, অসম চৰকাৰ হায় হায়, আহ ঐ আহ ওলাই আহ, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰক, বিজেপি চৰকাৰ নিপাত যাওঁক আদি বিভিন্ন চৰকাৰ বিৰোধী শ্লগান দি প্ৰতিবাদকাৰী সকলে যোৰহাট নগৰ কপাই তোলাৰ লগতে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, কেইবাজনো নেতা কৰ্মীয়ে উপায়ুক্ত সাক্ষাৎ কৰি হাতে হাতে স্মাৰক পত্ৰ প্ৰদান কৰে । এই স্মাৰক পত্ৰ সংসদীয় সমিতিলৈ প্ৰেৰণ কৰে।

No comments:

Post a Comment

Thanks
@
www.asomkhobor.com

Asom Khobor LIVE 24x7 (an assamese online news digital web media)

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result

SEBA Assam HSLC/AHM Result 2018 On 25th May. Check The Various Website And The How To Type The SMS To Fin The Result Seba HSLC Result 20...